যাউতি যুগীয়া ধনে মোৰ অ’

প্ৰাণতে দিলা মোৰ মৰম কুমলীয়া

মনত সোঁৱৰণি সুৱদীয়া

বুকুত ভালপোৱা অ’ মোৰ প্ৰাণ

যাউতিযুগীয়া ধনে মোৰ অ’

যাউতিযুগীয়া ধন ।

 

স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া

কল্পনা পূৰাই দিলা মোক অ’

যাউতিযুগীয়া ধন ।

 

বুজা নুবুজাৰে, হাঁহি কান্দোনৰে

জীৱনৰ পাতিলা মেলা মোৰ অ’

যাউতিযুগীয়া ধন ।।